ৰাস উৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্র উৎসৱ

শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়।

ভাগৱত পুৰাণৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে ৰাসৰ মূল উৎস।

শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই হৈছে ৰাস মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কেলিগোপাল” নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেঁটি বুলি কোৱা হয়।

মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত।

উজনি আৰু নামনিৰ ৰাসৰ মাজত  পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক।

মাজুলীৰ দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস উৎসৱ পালন কৰা হয়।

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ  ভাৰতৰ এখন অন্যতম ৰাস উৎসৱ।