অসমৰ ৰাস মহোৎসৱ: আধ্যাত্মিকতা আৰু পৰম্পৰাৰ এক মহোৎসৱ

Raas Mahotsav Majuli

আহা সখি আহা বাই বৃন্দাবনে যাওঁ …..

বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ…..

ৰাস মহোৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্র উৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাস মহোৎসৱ উৎযাপন কৰা হয়। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই হৈছে ৰাস মহোৎসৱ।


ৰাসৰ উৎসৱৰ উৎস-

ৰাস মহোৎসৱ Raas Mahotsav

ভাগৱত পুৰাণৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত কৰা লীলাই হৈছে ৰাসৰ মূল উৎস। ভাগৱতৰ ২৯ ৰ পৰা ৩৩ তম অধ্যায়লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে সন্নিৱিষ্ট আছে।


অসমৰ ৰাস উৎসৱৰ ইতিহাস:-

Ras Mahotsav

মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা কেলিগোপাল নাটখনকেই অসমৰ ৰাস উৎসৱৰ ভেঁটি বুলি কোৱা হয়। তেতিয়াৰে পৰা অসমত ৰাস মহোৎসৱ উৎযাপন কৰা হয়।


ৰাস উৎসৱৰ মূল অৰ্থ

হিন্দু শাস্ত্ৰমতে ৰাস পূৰ্নিমাত শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত মুগ্ধ হৈ  গোপীসকলে য’ৰ কাম ত’তে পেলাই সংসাৰৰ সকলো মায়া মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলি শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পন কৰিছিল তেতিয়া শ্ৰীকৃষ্ণই গোপীসকলক সংসাৰ ধৰ্ম পালন কৰিবলৈ  নিজ গৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল। কিন্তু গোপীসকল নিজৰ মতত অটুট থকা  দেখি  ভক্তৰ  মনোকামনা পূৰণাৰ্থে শ্ৰী কৃষ্ণই ৰাসলীলা আৰম্ভ কৰিলে। গোপীসকল শ্ৰী কৃষ্ণৰ লগত নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিল। লাহে লাহে গোপী সকলে যেতিয়াই শ্ৰীকৃষ্ণ তেওঁলোকৰ অধীন বুলি ভাবি গোপীৰ মন গৰ্ব-অহংকাৰত ভৰি পৰিল, তেতিয়াই শ্ৰীকৃষ্ণই গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হৈ পৰিল। শ্ৰীকৃষ্ণ যেতিয়া ৰাধাক লৈ নোহোৱা হ’ল, তেতিয়াহে গোপীসকলে নিজৰ ভুল বুজি পালে যে  ভগৱানক ‘একমাত্ৰ মোৰ’ বুলি ভাবি অহংকাৰৰ ফলত শ্ৰীকৃষ্ণক তেওঁলোকে হেৰুৱাব লগা হ’ল। শ্ৰীকৃষ্ণ ত্ৰিজগতৰে পতি। তেওঁক কোনো মায়া-বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে। গোপীসকলে তেতিয়া একচিত্তে শ্ৰীকৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। ভক্তৰ ভক্তিত সন্তুষ্ট হৈ শ্ৰী কৃষ্ণই গোপীসকলৰ মাজত উপস্থিত হৈ মানৱ জীৱনৰ পৰমাৰ্থ বুজাই দিলে এইয়াই ৰাস উৎসৱ।


মাজুলীৰ ৰাস উৎসৱ-

Lord Krishna in Raas Leela

মাজুলীৰ ৰাস উৎসৱ বিশ্ববিখ্যাত। মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত। লাহে লাহে মাজুলীৰ গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস উৎসৱ পালন কৰা হয়।


নলবাৰীৰ ৰাস মহোৎসৱ –

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ  ভাৰতৰ এখন অন্যতম ৰাস উৎসৱ। নলবাৰীৰ ৰাস উৎসৱত নানা ৰং তুলিকাৰে মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ সৈতে জড়িত বিভিন্ন কৰ্ম-কাণ্ড এই মূৰ্তিসমূহৰ জৰিয়তে প্ৰকাশ কৰা হয়।

Nalbari Ras Mahotsav

উজনি আৰু নামনিৰ ৰাসৰ পাৰ্থক্য-

উজনি আৰু নামনিৰ ৰাসৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি নামনিত ৰাস প্ৰদৰ্শন কৰা হয়।


সামৰণি –

ৰাস উৎসৱ অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই উৎসৱে সমাজত সুদৃঢ় কৰে প্ৰেম আৰু ভ্রাতৃত্ববোধৰ এনাজৰী।


Leave a Comment